Saturday, 28 July 2018

আকাশে দিয়া ৰ’দৰে চিঠি - Aakase dia rodore sithi

আকাশে দিয়া ৰ’দৰে চিঠি
মাটিয়ে জানা ল’লে সাৱটি
পোহৰৰ চিঁয়াহী পৰিছে ছিটিকি
আকাশে দিয়া ৰ’দৰে চিঠি
মাটিয়ে জানা ল’লে সাৱটি

গছৰে ছায়াতে জীৱনে জিৰালে
বিনিময় গছে জানা দিবতো নাজানে
আজি যে মানুহে প্ৰতিটো খোজতে
হাবাথুৰি খায়ো কিয় নিজকে বিছাৰে?
সঁপি দিয়া নিজকে আনৰ কাৰণে
বৈ যোৱা নদীৰ দৰে লহৰে লহৰে

আকাশে দিয়া ৰ’দৰে চিঠি,
মাটিয়ে জানা ল’লে সাৱটি
পোহৰৰ চিঁয়াহী পৰিছে ছিটিকি
আকাশে দিয়া ৰ’দৰে চিঠি
মাটিয়ে জানা ল’লে সাৱটি

No comments:

Post a Comment

জুবিনৰ সেই জনপ্ৰিয় গানটি

আহে বা নাহে ঘূমটি (পাখি) - Aahe ba nahe Ghumoti (Pakhi)