Saturday, 28 July 2018

আশা মোৰ আশা (আশা)- Aasha mur Aasha (Aasha)

আশা মোৰ আশা
এখনি সৰৱ নৈ
হেই আশা মোৰ আশা
আহিছে ৰাঙলী হৈ
মোৰ গানৰ বহু যুগৰ
সুখ-দুখৰ চিনাকি লৈ

মোৰ গানত আছে অনামিকা মায়া
সপোনৰ সুৰৰ নুবুজা আশা
মোৰ গানে আনে বহুতো প্ৰকাশ
পোৱা নোপোৱা মনৰে জোনাক
জোনাকী মন এটি হৈ
আহিছিলো মৰমৰে বুজা লৈ

আশা মোৰ আশা
এখনি সৰৱ নৈ
হেই আশা মোৰ আশা
আহিছে ৰাঙলী হৈ
মোৰ গানৰ বহু যুগৰ
সুখ-দুখৰ চিনাকি লৈ

মোৰো গানত আছে বৰষা ৰণৰ
সেমেকা শীতৰ ৰ’দালি কোমল
মোৰ গানে দিব নতুন ভাষা
নতুনৰ জোনাক নতুন দিশা
ক্লান্ত বুকু জুৰি ব’ব
সৃষ্টিৰ এই অমল বতাহ

আশা মোৰ আশা
এখনি সৰৱ নৈ
হেই আশা মোৰ আশা
আহিছে ৰাঙলী হৈ
মোৰ গানৰ বহু যুগৰ
সুখ-দুখৰ চিনাকি লৈ

No comments:

Post a Comment

জুবিনৰ সেই জনপ্ৰিয় গানটি

আহে বা নাহে ঘূমটি (পাখি) - Aahe ba nahe Ghumoti (Pakhi)