আহে বা নাহে ঘূমটি
আহিবা ৰাতি সপোনকে লৈ
থাকে বা নাখাকে
শাওনৰে ঢল তুমি মৰমৰে নৈ
দুপাখি মেলি সমীৰে আহি
দিয়ে বা নিদিয়ে ফাগুণৰে খবৰ
তুমি ৰোৱা যেন মোলৈ
আহে বা নাহে ঘূমটি
আহিবা ৰাতি সপোনকে লৈ
(Music)
চোৱে বা নোচোৱে নিয়ৰে
শেৱালি পাহিটি শৰতে শৰতে
নাচে বা নানাচে জোনাকী হৈ
তুমি সোণ নাচিবা মোৰে হিয়াতে ৰৈ
আহে বা নাহে ঘূমটি
আহিবা ৰাতি সপোনকে লৈ...
(Music)
জোৰে বা নোজোৰে বান্ধি লয়
কিনো মৰমৰ এনাজৰীকে পাওঁ
বহে বা নবহে ফুলতে গৈ
ৰঙিলী পখিলী তুমি ৰঙৰে চৈ
আহে বা নাহে ঘূমটি
আহিবা ৰাতি সপোনকে লৈ
থাকে বা নাখাকে
শাওনৰে ঢল তুমি মৰমৰে নৈ
দুপাখি মেলি সমীৰে আহি
দিয়ে বা নিদিয়ে ফাগুণৰে খবৰ
তুমি ৰোৱা যেন মোলৈ
আহে বা নাহে ঘূমটি
আহিবা ৰাতি সপোনকে লৈ
No comments:
Post a Comment