ৰাতিপুৱা শুই উঠি
যাবৰে যে হয় স্কুললৈ
গধুৰ গধুৰ পঢ়াৰ বোজা
কঢ়িয়াওঁতে যায় দিন দূৰলৈ
স্কুলৰ শেষত টিউচন কৰি
ঘূৰি আহি একো নাপাওঁ বিচাৰি
হোমৱৰ্ক কৰি ভাগৰি
বিচনাৰ কোলাকে লওঁ সামৰি
আমি যেন যন্ত্ৰ
একো একোটা যন্ত্ৰ
আমি আমি যেন যন্ত্ৰ
একো একোটা যন্ত্ৰ
ৰাতিপুৱা শুই উঠি
চাহত শোহা মাৰি পেপাৰ পঢ়ি
একেই খবৰ একেই ছবি
একেই মৰামৰি ঠগাঠগি
ন বজাত গা ধুই উঠি
পেট পূজা কৰি কাপোৰ পিন্ধি
অফিচ কৰি দিনটো খাটি
আবেলি ঘূৰি আহো চুচৰি
আমি যেন যন্ত্ৰ
একো একোটা যন্ত্ৰ
আমি আমি যেন যন্ত্ৰ
একো একোটা যন্ত্ৰ
ৰাতিপুৱা শুই উঠি
বাগানত মৰ্নিংৱাক হাতত কফি
এচি গাড়ীত বিজিনেচ কৰি
দুটামান চহী মাৰি হওঁ চহকী
হয় গধূলি ক্লাবৰ সময়
হাতত হুইস্কী কাষত লোকৰ ঘৈণী
ৰঙা নীলা ৰঙৰ পোহৰ
ঢলং পলং হৈ ঘৰ উভতি
আমি যেন যন্ত্ৰ
একো একোটা যন্ত্ৰ
আমি আমি যেন যন্ত্ৰ
একো একোটা যন্ত্ৰ
ৰাতিপুৱা শুই উঠি
হাত ধৰাধৰি বুঢ়া-বুঢ়ী
মাত দিবলে কাৰো সময় নাই
চাহটুপিলৈ থাকোঁ আশা পালি
বুঢ়া-বুঢ়ীৰ বুজাবুজি
জীৱন জোৰা মৰম থাকো সাবটি
মায়া এৰি মোহ এৰি
এৰি অহা দিনৰ স্মৃতি সুঁৱৰি
আমি যেন যন্ত্ৰ
একো একোটা যন্ত্ৰ
আমি আমি যেন যন্ত্ৰ
একো একোটা যন্ত্ৰ
No comments:
Post a Comment