Saturday, 28 July 2018

এতিয়া আন্ধাৰে (আশা) - Etya Aandhare (Aasha)

এতিয়া আন্ধাৰে কথা ক’লে নিজানে
তুমি অহাৰে বাতৰি দিলে গোপনে
অভিমানী মন আজিহে ওপচে

বুকু ভগা নিশা আজি বিকশে
অভিমানী মন আজি দেখোন ওপচে
অভিমানী মন আজি দেখোন ওপচে

কোন দূৰণিৰ পুৱাৰে সূৰুযে
নিশাৰ তৰা হৈ আজিচোন উজ্বলে
মনৰ ্অভিমানে কথা ক’লেহি
আজি দিঠকে বিলালে সুৰভি

বুকু ভগা নিশা আজি বিকশে
অভিমানী মন আজি দেখোন ওপচে
অভিমানী মন আজি দেখোন ওপচে

অবাক চাৱনিত চিনাকি মৰমী
ধৰা দিলেহি হিয়াৰে কোঠালিত
তুমি নাজানো ক’ৰেনো দীপালী
পোহৰালাহি মোৰ আন্ধাৰৰ সঁজাটি
বুকু ভগা নিশা আজি বিকশে
অভিমানী মন আজি দেখোন ওপচে
অভিমানী মন আজি দেখোন ওপচে

এতিয়া আন্ধাৰে কথা ক’লে নিজানে
তুমি অহাৰে বাতৰি দিলে গোপনে
অভিমানী মন আজিহে ওপচে
বুকু ভগা নিশা আজি বিকশে
অভিমানী মন আজি দেখোন ওপচে
অভিমানী মন আজি দেখোন ওপচে
অভিমানী মন আজি দেখোন ওপচে

No comments:

Post a Comment

জুবিনৰ সেই জনপ্ৰিয় গানটি

আহে বা নাহে ঘূমটি (পাখি) - Aahe ba nahe Ghumoti (Pakhi)