Saturday, 28 July 2018

আনে যোৱা বাটে নোযোৱা ছোৱালীজনী (বৰষুণ) - Aane jua Bate Nujua Sualijoni (Barasun)

আনে যোৱা বাটে নোযোৱা ছোৱালীজনী
পোৱানে চিনি
আনে যোৱা বাটে নোযোৱা ছোৱালীজনী
পোৱানে চিনি

নৈৰ পাৰৰ এছটা শিলত বহি
পানীৰ কুক-ভা চায়
সোণবৰণীয়া চুলিটাৰি মেলি
তাই জানো কি পায়?
বুকুত বিচাৰে কাণপাতি তাই 
শুৰৰ গুণগুণণি
আনে যোৱা বাটে নোযোৱা ছোৱালীজনী
পোৱানে চিনি

দিঙা বাই বাই নাৱৰীয়া আহে যায়
তাইলৈ কেৰাহিকৈ চায়
তাইৰ কাষলৈ যাওঁ কি নাযায়কৈ
নাওখনি চপায়
পাৰলৈ কেনেকৈ উঠিব সিঁহত
নৈৰ দেও লগা পানী
আনে যোৱা বাটে নোযোৱা ছোৱালীজনী
পোৱানে চিনি

আনে যোৱা বাটে নোযোৱা ছোৱালীজনী
পোৱানে চিনি

1 comment:

জুবিনৰ সেই জনপ্ৰিয় গানটি

আহে বা নাহে ঘূমটি (পাখি) - Aahe ba nahe Ghumoti (Pakhi)