অলকানন্দা ওঁঠৰ হাঁহি যেন
ৰজনীগন্ধা ফুলৰ পাহি
অৰুণিমা হৈ আকাশতে যেন
আঁকিলাহি ৰং প্ৰভাততে
অচিনা নদীৰ সোঁতে সোঁতে বৈ
অচিনা নদীৰ সোঁতে সোঁতে বৈ
আহিলা কাষলে
অলকানন্দা ওঁঠৰ হাঁহি যেন
ৰজনীগন্ধা ফুলৰ পাহি
মোৰ জোনাকৰে চিনাকি ছাঁয়াতে
তুমি যে আছিলা ৰৈ
যেন শৰততে শেৱালি বুটলি
আপোন পাহৰা হৈ
কিনো মোহনীয়া লাজুকী নয়না
মৰম তোমাৰ যুগমীয়া
অলকানন্দা ওঁঠৰ হাঁহি যেন
ৰজনীগন্ধা ফুলৰ পাহি
অৰুণিমা হৈ আকাশতে যেন
আঁকিলাহি ৰং প্ৰভাততে
মৌন সময়ত আছিলো নিৰলে
মাথোঁ তোমাকে ভাবি
কিয় তুমি আহি জ্বলালা অগনি
নীৰৱতা মোৰ ভাঙি
হয় প্ৰজাপতি মন পদূলিতে
উলাহতে পাখি মেলি
অলকানন্দা ওঁঠৰ হাঁহি যেন
ৰজনীগন্ধা ফুলৰ পাহি
অৰুণিমা হৈ আকাশতে যেন
আঁকিলাহি ৰং প্ৰভাততে
অচিনা নদীৰ সোঁতে সোঁতে বৈ
অচিনা নদীৰ সোঁতে সোঁতে বৈ
আহিলা কাষলে
অলকানন্দা ওঁঠৰ হাঁহি যেন
ৰজনীগন্ধা ফুলৰ পাহি
No comments:
Post a Comment