Saturday 28 July 2018

এতিয়া আন্ধাৰে (আশা) - Etya Aandhare (Aasha)

এতিয়া আন্ধাৰে কথা ক’লে নিজানে
তুমি অহাৰে বাতৰি দিলে গোপনে
অভিমানী মন আজিহে ওপচে

বুকু ভগা নিশা আজি বিকশে
অভিমানী মন আজি দেখোন ওপচে
অভিমানী মন আজি দেখোন ওপচে

কোন দূৰণিৰ পুৱাৰে সূৰুযে
নিশাৰ তৰা হৈ আজিচোন উজ্বলে
মনৰ ্অভিমানে কথা ক’লেহি
আজি দিঠকে বিলালে সুৰভি

বুকু ভগা নিশা আজি বিকশে
অভিমানী মন আজি দেখোন ওপচে
অভিমানী মন আজি দেখোন ওপচে

অবাক চাৱনিত চিনাকি মৰমী
ধৰা দিলেহি হিয়াৰে কোঠালিত
তুমি নাজানো ক’ৰেনো দীপালী
পোহৰালাহি মোৰ আন্ধাৰৰ সঁজাটি
বুকু ভগা নিশা আজি বিকশে
অভিমানী মন আজি দেখোন ওপচে
অভিমানী মন আজি দেখোন ওপচে

এতিয়া আন্ধাৰে কথা ক’লে নিজানে
তুমি অহাৰে বাতৰি দিলে গোপনে
অভিমানী মন আজিহে ওপচে
বুকু ভগা নিশা আজি বিকশে
অভিমানী মন আজি দেখোন ওপচে
অভিমানী মন আজি দেখোন ওপচে
অভিমানী মন আজি দেখোন ওপচে

এতিয়া হিয়া মোৰ (তুমি মোৰ মাথোঁ মোৰ) - Atya Hiya Mur (Tumi mur mathu mur)

এতিয়া হিয়া মোৰ বৰষে তোমালে
এতিয়া বুকু মোৰ উলাহে নধৰে
ওঁঠে ওঁঠে দিলা কিনো মনৰে ঠিকনা
চকুতে চকু থৈ বোৱালা কামনা

এতিয়া হিয়া মোৰ বৰষে তোমালে
এতিয়া বুকু মোৰ উলাহে নধৰে...

বুুকুৰে ভিতৰে মৰমে নিগৰে
ডাঁৱৰে পোহৰে তোমাকে সামৰে
বুুকুৰে ভিতৰে মৰমে নিগৰে
ডাঁৱৰে পোহৰে তোমাকে সামৰে
ঢৌ খেলা চুলিৰে শৰতৰ লুকাভাকু
মিচিকিয়া হাঁহিৰে যেন ইপাৰ সিপাৰ বুকু

অ’...  এতিয়া হিয়া মোৰ বৰষে তোমালে
এতিয়া বুকু মোৰ উলাহে নধৰে
ওঁঠে ওঁঠে দিলা কিনো মনৰে ঠিকনা
চকুতে চকু থৈ বোৱালা কামনা

তুমি সোণ বুকুৰে তুমি শোণিতৰে
তুমি সপোনৰে তুমি দিঠকৰে
তুমি সোণ বুকুৰে তুমি শোণিতৰে
তুমি সপোনৰে তুমি দিঠকৰে
নীলা নীলা চকুযুৰিত এন্ধাৰে কথা ক’লে
আলফুল দুবাহুত আকৌ জীৱনে উশাহ পালে
অ’...  এতিয়া হিয়া মোৰ বৰষে তোমালে
এতিয়া বুকু মোৰ উলাহে নধৰে
ওঁঠে ওঁঠে দিলা কিনো মনৰে ঠিকনা
চকুতে চকু থৈ বোৱালা কামনা

এতিয়া হিয়া মোৰ বৰষে তোমালে
এতিয়া বুকু মোৰ উলাহে নধৰে
ওঁঠে ওঁঠে দিলা কিনো মনৰে ঠিকনা
চকুতে চকু থৈ বোৱালা কামনা 

অলকানন্দা (Alakananda)

অলকানন্দা ওঁঠৰ হাঁহি যেন
ৰজনীগন্ধা ফুলৰ পাহি
অৰুণিমা হৈ আকাশতে যেন
আঁকিলাহি ৰং প্ৰভাততে
অচিনা নদীৰ সোঁতে সোঁতে বৈ
অচিনা নদীৰ সোঁতে সোঁতে বৈ
আহিলা কাষলে
অলকানন্দা ওঁঠৰ হাঁহি যেন
ৰজনীগন্ধা ফুলৰ পাহি

মোৰ জোনাকৰে চিনাকি ছাঁয়াতে
তুমি যে আছিলা ৰৈ
যেন শৰততে শেৱালি বুটলি
আপোন পাহৰা হৈ
কিনো মোহনীয়া লাজুকী নয়না
মৰম তোমাৰ যুগমীয়া

অলকানন্দা ওঁঠৰ হাঁহি যেন
ৰজনীগন্ধা ফুলৰ পাহি
অৰুণিমা হৈ আকাশতে যেন
আঁকিলাহি ৰং প্ৰভাততে

মৌন সময়ত আছিলো নিৰলে
মাথোঁ তোমাকে ভাবি
কিয় তুমি আহি জ্বলালা অগনি
নীৰৱতা মোৰ ভাঙি
হয় প্ৰজাপতি মন পদূলিতে
উলাহতে পাখি মেলি

অলকানন্দা ওঁঠৰ হাঁহি যেন
ৰজনীগন্ধা ফুলৰ পাহি
অৰুণিমা হৈ আকাশতে যেন
আঁকিলাহি ৰং প্ৰভাততে
অচিনা নদীৰ সোঁতে সোঁতে বৈ
অচিনা নদীৰ সোঁতে সোঁতে বৈ
আহিলা কাষলে
অলকানন্দা ওঁঠৰ হাঁহি যেন
ৰজনীগন্ধা ফুলৰ পাহি

অনুৰাধা (বাঁহী) - Anuradha (Baanhi)

যুগে যুগে প্ৰতি খোজে
তোমাতেই ম‍ই হ’ম বিলীন
এন্ধাৰৰে চুকে চুকে
আছো ম‍ই তোমাতেই লীন
অনুৰাধা অনুৰাধা...
অনুৰাধা অনুৰাধা...

সময়ৰে খাজে খাজে
বৈ আহে ৰাতি দিন
হৃদয়ৰে সীমনাতে
অশ্ৰু নিগৰা বীণ
অনুৰাধা অনুৰাধা...
অনুৰাধা অনুৰাধা...

চকুয়েদি বৈ আহে
নিদ্ৰাহীন কবিতা
এন্ধাৰতো জ্বলি মৰে
নজ্বলোৱা শলিতা
সপোনৰো শেষ আছে
শেষ নহয় হতাশা
জ্বলি জ্বলি জ্বলে মাথোঁ
হেৰুৱালো ওঁঠৰ ভাষা
অনুৰাধা অনুৰাধা...
অনুৰাধা অনুৰাধা...

চকুৰে নৈ বৈ বৈ
বৈ আহে নীৰৱতা
সুখে দুখে জীৱনে
দি যায় নীৰ ব্যাকুলতা
জীৱনৰো শেষ আছে
শেষ নহয় জিজ্ঞাসা
মৃত্যুৱে চুমা যাচে
চুমাতেই যেন প্ৰত্যাশা
অনুৰাধা অনুৰাধা...
অনুৰাধা অনুৰাধা...

কবিতাৰে কাহিনী শেষ হওঁ হওঁ অনুৰাধা
কবিতাৰে কাহিনী শেষ নহয় অনুৰাধা
কবিতাৰো শেষ আছে শেষ নহয় স্তব্ধতা
শব্দবোৰ লেখি লেখি চুব খোজে মৌনতা
অনুৰাধা অনুৰাধা...
অনুৰাধা অনুৰাধা...

আশা মোৰ আশা (আশা)- Aasha mur Aasha (Aasha)

আশা মোৰ আশা
এখনি সৰৱ নৈ
হেই আশা মোৰ আশা
আহিছে ৰাঙলী হৈ
মোৰ গানৰ বহু যুগৰ
সুখ-দুখৰ চিনাকি লৈ

মোৰ গানত আছে অনামিকা মায়া
সপোনৰ সুৰৰ নুবুজা আশা
মোৰ গানে আনে বহুতো প্ৰকাশ
পোৱা নোপোৱা মনৰে জোনাক
জোনাকী মন এটি হৈ
আহিছিলো মৰমৰে বুজা লৈ

আশা মোৰ আশা
এখনি সৰৱ নৈ
হেই আশা মোৰ আশা
আহিছে ৰাঙলী হৈ
মোৰ গানৰ বহু যুগৰ
সুখ-দুখৰ চিনাকি লৈ

মোৰো গানত আছে বৰষা ৰণৰ
সেমেকা শীতৰ ৰ’দালি কোমল
মোৰ গানে দিব নতুন ভাষা
নতুনৰ জোনাক নতুন দিশা
ক্লান্ত বুকু জুৰি ব’ব
সৃষ্টিৰ এই অমল বতাহ

আশা মোৰ আশা
এখনি সৰৱ নৈ
হেই আশা মোৰ আশা
আহিছে ৰাঙলী হৈ
মোৰ গানৰ বহু যুগৰ
সুখ-দুখৰ চিনাকি লৈ

আমি যেন যন্ত্ৰ (যন্ত্ৰ)- Aami jen Jantra (Jantra)

ৰাতিপুৱা শুই উঠি
যাবৰে যে হয় স্কুললৈ
গধুৰ গধুৰ পঢ়াৰ বোজা
কঢ়িয়াওঁতে যায় দিন দূৰলৈ
স্কুলৰ শেষত টিউচন কৰি
ঘূৰি আহি একো নাপাওঁ বিচাৰি
হোমৱৰ্ক কৰি ভাগৰি
বিচনাৰ কোলাকে লওঁ সামৰি

আমি যেন যন্ত্ৰ
একো একোটা যন্ত্ৰ
আমি আমি যেন যন্ত্ৰ
একো একোটা যন্ত্ৰ

ৰাতিপুৱা শুই উঠি
চাহত শোহা মাৰি পেপাৰ পঢ়ি
একেই খবৰ একেই ছবি
একেই মৰামৰি ঠগাঠগি
ন বজাত গা ধুই উঠি
পেট পূজা কৰি কাপোৰ পিন্ধি
অফিচ কৰি দিনটো খাটি
আবেলি ঘূৰি আহো চুচৰি

আমি যেন যন্ত্ৰ
একো একোটা যন্ত্ৰ
আমি আমি যেন যন্ত্ৰ
একো একোটা যন্ত্ৰ

ৰাতিপুৱা শুই উঠি
বাগানত মৰ্নিংৱাক হাতত কফি
এচি গাড়ীত বিজিনেচ কৰি
দুটামান চহী মাৰি হওঁ চহকী
হয় গধূলি ক্লাবৰ সময়
হাতত হুইস্কী কাষত লোকৰ ঘৈণী
ৰঙা নীলা ৰঙৰ পোহৰ
ঢলং পলং হৈ ঘৰ উভতি

আমি যেন যন্ত্ৰ
একো একোটা যন্ত্ৰ
আমি আমি যেন যন্ত্ৰ
একো একোটা যন্ত্ৰ

ৰাতিপুৱা শুই উঠি
হাত ধৰাধৰি বুঢ়া-বুঢ়ী
মাত দিবলে কাৰো সময় নাই
চাহটুপিলৈ থাকোঁ আশা পালি
বুঢ়া-বুঢ়ীৰ বুজাবুজি
জীৱন জোৰা মৰম থাকো সাবটি
মায়া এৰি মোহ এৰি
এৰি অহা দিনৰ স্মৃতি সুঁৱৰি

আমি যেন যন্ত্ৰ
একো একোটা যন্ত্ৰ
আমি আমি যেন যন্ত্ৰ
একো একোটা যন্ত্ৰ

আজি তুমি নহ’লে (মায়া) - Aaji Tumi Nohole (Maya)

আজি তুমি ন’হলে মোৰ মন নভৰে
সপোনৰে পখী হৈ নামানা
গুলপীয়া ওঁঠেৰে মিঠা মিঠা চুমাৰে
মোৰে দুবাহুতে ৰোৱানা
এতিয়াও মই দূৰণিৰে
সময় হ’লে পাবা নিবিৰে
আজি তুমি ন’হলে মোৰ মন নভৰে
সপোনৰে পখী হৈ নামানা

আছিলো অকলে সপোনে নিবিৰে
অচিনাকি নিশাতে
বুকুৰে উমকে সাঁচিলো তোমালে
বহু বহু যুগৰে
আজি মন কোমল মেঘৰ দৰে
আজি মন কোমল মেঘৰ দৰে
হৃদয়ৰ অশ্ৰু আৱেগৰে

আজি তুমি ন’হলে মোৰ মন নভৰে
সপোনৰে পখী হৈ নামানা
গুলপীয়া ওঁঠেৰে মিঠা মিঠা চুমাৰে
মোৰে দুবাহুতে ৰোৱানা
এতিয়াও মই দূৰণিৰে
সময় হ’লে পাবা নিবিৰে
আজি তুমি ন’হলে মোৰ মন নভৰে
সপোনৰে পখী হৈ নামানা

ক’ৰবাত জনমৰ পাহৰা মৰমে
আহিছে ওচৰলে
বুকুৰে আমুঠু ৰঙালে ৰঙাৰে
মৰমী চাৱনিৰে
আজি মন তোমাৰ ময়ে অনন্ত
আজি মন তোমাৰ ময়ে অনন্ত
জ্বলি ৰ’ম তোমাৰে বুকুৰে হৈ

আজি তুমি ন’হলে মোৰ মন নভৰে...



আকাশে দিয়া ৰ’দৰে চিঠি - Aakase dia rodore sithi

আকাশে দিয়া ৰ’দৰে চিঠি
মাটিয়ে জানা ল’লে সাৱটি
পোহৰৰ চিঁয়াহী পৰিছে ছিটিকি
আকাশে দিয়া ৰ’দৰে চিঠি
মাটিয়ে জানা ল’লে সাৱটি

গছৰে ছায়াতে জীৱনে জিৰালে
বিনিময় গছে জানা দিবতো নাজানে
আজি যে মানুহে প্ৰতিটো খোজতে
হাবাথুৰি খায়ো কিয় নিজকে বিছাৰে?
সঁপি দিয়া নিজকে আনৰ কাৰণে
বৈ যোৱা নদীৰ দৰে লহৰে লহৰে

আকাশে দিয়া ৰ’দৰে চিঠি,
মাটিয়ে জানা ল’লে সাৱটি
পোহৰৰ চিঁয়াহী পৰিছে ছিটিকি
আকাশে দিয়া ৰ’দৰে চিঠি
মাটিয়ে জানা ল’লে সাৱটি

আনে যোৱা বাটে নোযোৱা ছোৱালীজনী (বৰষুণ) - Aane jua Bate Nujua Sualijoni (Barasun)

আনে যোৱা বাটে নোযোৱা ছোৱালীজনী
পোৱানে চিনি
আনে যোৱা বাটে নোযোৱা ছোৱালীজনী
পোৱানে চিনি

নৈৰ পাৰৰ এছটা শিলত বহি
পানীৰ কুক-ভা চায়
সোণবৰণীয়া চুলিটাৰি মেলি
তাই জানো কি পায়?
বুকুত বিচাৰে কাণপাতি তাই 
শুৰৰ গুণগুণণি
আনে যোৱা বাটে নোযোৱা ছোৱালীজনী
পোৱানে চিনি

দিঙা বাই বাই নাৱৰীয়া আহে যায়
তাইলৈ কেৰাহিকৈ চায়
তাইৰ কাষলৈ যাওঁ কি নাযায়কৈ
নাওখনি চপায়
পাৰলৈ কেনেকৈ উঠিব সিঁহত
নৈৰ দেও লগা পানী
আনে যোৱা বাটে নোযোৱা ছোৱালীজনী
পোৱানে চিনি

আনে যোৱা বাটে নোযোৱা ছোৱালীজনী
পোৱানে চিনি

Friday 27 July 2018

আহে বা নাহে ঘূমটি (পাখি) - Aahe ba nahe Ghumoti (Pakhi)

আহে বা নাহে ঘূমটি
আহিবা ৰাতি সপোনকে লৈ
থাকে বা নাখাকে
শাওনৰে ঢল তুমি মৰমৰে নৈ
দুপাখি মেলি সমীৰে আহি
দিয়ে বা নিদিয়ে ফাগুণৰে খবৰ
তুমি ৰোৱা যেন মোলৈ
আহে বা নাহে ঘূমটি
আহিবা ৰাতি সপোনকে লৈ

(Music)

চোৱে বা নোচোৱে নিয়ৰে
শেৱালি পাহিটি শৰতে শৰতে
নাচে বা নানাচে জোনাকী হৈ
তুমি সোণ নাচিবা মোৰে হিয়াতে ৰৈ
আহে বা নাহে ঘূমটি
আহিবা ৰাতি সপোনকে লৈ...

(Music)

জোৰে বা নোজোৰে বান্ধি লয়
কিনো মৰমৰ এনাজৰীকে পাওঁ
বহে বা নবহে ফুলতে গৈ
ৰঙিলী পখিলী তুমি ৰঙৰে চৈ

আহে বা নাহে ঘূমটি
আহিবা ৰাতি সপোনকে লৈ
থাকে বা নাখাকে
শাওনৰে ঢল তুমি মৰমৰে নৈ
দুপাখি মেলি সমীৰে আহি
দিয়ে বা নিদিয়ে ফাগুণৰে খবৰ
তুমি ৰোৱা যেন মোলৈ
আহে বা নাহে ঘূমটি
আহিবা ৰাতি সপোনকে লৈ

জুবিনৰ সেই জনপ্ৰিয় গানটি

আহে বা নাহে ঘূমটি (পাখি) - Aahe ba nahe Ghumoti (Pakhi)